ডেল্টা ভেৰিয়েণ্টতকৈ ৩০০ গুণ অধিক শক্তিশালী হ’ব OMICRON ভেৰিয়েণ্ট- মুখ্যমন্ত্ৰী

Himanta Biswa Sarma

ক’ভিডৰ নতুন ভেৰিয়েণ্ট OMICRONই এতিয়া সমগ্ৰ বিশ্বতেই শংকাৰ সৃষ্টি কৰিছে। কৰ’ণাৰ নতুন ভেৰিয়েণ্ট ধৰা পৰাৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত এক সংবাদমেল যোগে এই ক্ষেত্ৰত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই।

ডেল্টা ভেৰিয়েণ্টতকৈ OMICRON ভেৰিয়েণ্ট ৩০০ গুণ অধিক শক্তিশালী বুলি মন্তব্য কৰি অসমৰ প্ৰতিজন লোককে ভেকচিন ল’বলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে,

দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট। পূৰ্বতকৈও অধিক ভয়াৱহ নতুন ভেৰিয়েন্ট OMICRON।
এই ভেৰিয়েন্ট সন্দৰ্ভত আজি প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক আছে।
২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ ব্যাপক হাৰত দিয়া হ’ব ভেকচিন। ৫ ডিচেম্বৰত ক’ভিড ভেকচিনৰ প্ৰতিবেদন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে।

অসমত সকলো লোককে ভেকচিন লোৱাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। অসমত এতিয়ালৈকে ২ কোটি ১০ লাখ লোকক দিয়া হৈছে ভেকচিন। প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰতে ভেকচিন প্ৰদান কাৰ্যসূচী হ’ব। ভেকচিন প্ৰদানত জড়িত কৰা হ’ব প্ৰায় এক লাখ চৰকাৰী কৰ্মচাৰী।

সকলোৱে দুয়োটা পালি ভেকচিন লোৱাটো বাধ্যতামূলক।

Category