অসম কন্যা গীতিকা কাৰৱাৰ 'মিছ কুইন অফ ৱৰ্ল্ড ইণ্ডিয়া'ৰ খিতাপ দখল

Miss Queen of World India

মুম্বাইত হোৱা এক সৌন্দৰ্য প্ৰতিযোগিতাত অসম কন্যা গীতিকা কাৰৱাই 'মিছ কুইন অফ দ্য ৱৰ্ল্ড ইণ্ডিয়া'ৰ খিতাপ লাভ কৰে।

উজনি অসমৰ ডিব্ৰুগড় জিলাৰ বাসিন্দা কাৰৱাই শেহতীয়াকৈ ইউনাইটেড ফাৰ্মাৰ্ছ ফাইনেন্সৰ দ্বাৰা আয়োজিত এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই খিতাপ অৰ্জন কৰে।

বঁটা প্ৰদান অনুষ্ঠানটোত অভিনেত্ৰী আৰু মডেল মালাইকা অৰোৰাক মুখ্য অতিথি হিচাপে দেখা গৈছিল।

গীতিকা কাৰৱাই এতিয়া অহা বছৰৰ মাৰ্চত নিউ জাৰ্চীত অনুষ্ঠিত হ'বলগীয়া 'মিছ কুইন অফ দ্য ৱৰ্ল্ড' প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

Category
Profile picture for user UB Photos