১৯ নৱেম্বৰত প্ৰায় ৬০০ বছৰৰ পিছত আংশিক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী

Lunar

১৯ নৱেম্বৰত আংশিক চন্দ্ৰ গ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। চলিত বৰ্ষৰ অন্তিম চন্দ্ৰগ্ৰহণৰ বাবে এতিয়া সাজু হৈছে সকলো। প্ৰায় ৬০০ বছৰৰ পিছত পৃথিৱীৰ পৰা দীঘলীয়া সময়ৰ বাবে দৃশ্যমান হ’ব আংশিক চন্দ্ৰগ্ৰহণ।

নাছাৰ তথ্য অনুসৰি, ১৮ নৱেম্বৰ আৰু ১৯ নৱেম্বৰত চন্দ্ৰৰ ওপৰত কেইঘন্টামানৰ বাবে চন্দ্ৰত পৰিব পৃথিৱীৰ ছাঁ। ছাঁ পৰাৰ লগে-লগেই আংশিক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। পৃথৱীৰ সকলো ঠাইতে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ। ভাৰতত, বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ পৰা কম সময়ৰ বাবেহে দেখা পোৱা যাব এই গ্ৰহণ।

ভাৰতীয় সময় অনুসৰি, দুপৰীয়া ১২.৪৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া চন্দ্ৰগ্ৰহণ বিয়লি ৪.১৭ বজাত শেষ হ’ব। অন্তিমবাৰৰ বাবে, ১৪৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত দৃশ্যমান হৈছিল আংশিক চন্দ্ৰগ্ৰহণ। চলিত বৰ্ষৰ ১৮ আৰু ১৯ নৱেম্বৰত হোৱাৰ পিছত ২৬৬৯ চনৰ ৮ ফেব্ৰুৱাৰীতহে দেখা পোৱা যাব আংশিক চন্দ্ৰগ্ৰহণ।

উল্লেখ্য় যে, ২০২২ চনৰ ৮ নৱেম্বৰত ভাৰতৰ পৰা দৃশ্যমান হ’ব পূৰ্ণ চন্দ্ৰগ্ৰহণ। চলিত বৰ্ষৰ মে’ মাহত ৩ ঘন্টা ৭ মিনিটৰ বাবে হৈছিল পূৰ্ণ চন্দ্ৰগ্ৰহণ।

Category
Profile picture for user UB Photos