প্ৰথমে বলাৎকাৰ! তাৰ পাছত বাধ্য কৰালে সন্তান জন্ম দিবলৈ; পৰিণামঃ অচেতন কৰি দলিয়ালে পথত

Rape

১৬ মাহে বন্দী কৰি বলাৎকাৰ কৰিলে এগৰাকী মহিলাক।

অপহৰণ কৰি আনি ১৬ মাহ ধৰি বলাৎকাৰ কৰি গৰ্ভধাৰণৰ বাবে বাধ্য কৰাই  সন্তান জন্ম হোৱাৰ পাছত মাৰ-ধৰ কৰি পেলাই দিয়া হ’ল এটা বাছ আস্থানত। 

নাৰী নিৰ্যাতনৰ এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনী মহানগৰত। ঘটনা পোহৰলৈ অহাৰ পিছতে সৰ্বত্ৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পৰা ২১বছৰীয়া এগৰাকী যুৱতীক অপৰহণ কৰি অনাৰ পাছত ১৬মাহে বন্দী কৰি ৰাখিছিল ৰাজপাল সিং নামৰ ৩৮ বছৰীয়া এজন লোকে।

ৰাজপাল সিংয়ে তেওঁৰ পত্নী চন্দ্ৰকান্তাৰ সহযোগত মহিলাগৰাকীক ১৬মাহে বলাৎকাৰ কৰি আছিল। তাৰোপৰি ৰাজপালে তেওঁক বাধ্য কৰাইছিল গৰ্ভধাৰণ কৰিবলৈ। আৰু যেতিয়া তেওঁ এটা সন্তান জন্ম দিছিল তাৰ পাছতে তেওঁক কোনো পদাৰ্থৰ দৰে পেলাই দিয়া হৈছিল এটা বাছ আস্থানত।

উজ্জয়িনীৰ দেৱাস গেট বাছ আস্থানত অচেতন অৱস্থাত ৬ নৱেম্বৰত মহিলাগৰাকী উদ্ধাৰ কৰাৰ পাছতে এই ঘটনা পোহৰলৈ আহে।

মহিলাগৰাকী নাগপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজপাল সিঙেই তেওঁক অচেতন অৱস্থাত বাছ আস্থানটোত পেলাই দিছিল বুলি সংজ্ঞা ঘূৰাই পোৱাৰ পাছত আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে।

মহিলাগৰাকী আৰক্ষীক জনাই যে, সিংঙে তেওঁক বন্দী কৰি ৰাখি একপ্ৰকাৰ যৌনদাসীৰ দৰে ব্যৱহাৰ কৰিছিল। দম্পতীহালে তেওঁলোকৰ দুয়োটা সন্তান হেৰুৱাবলগীয়া হৈছিল বাবে এনেদৰে তেওঁক বন্দী বনাই ৰাখি সন্তান জন্ম দিয়াব বিচাৰিছিল। বলাৎকাৰৰ পৰিণতিতে তেওঁ গৰ্ভৱতী হয় আৰু ২৫ অক্টোবৰত এটা সন্তান জন্ম দিয়ে। তাৰ পাছত ৬ নৱেম্বৰত তেওঁক অত্যাচাৰ কৰি অচেতন অৱস্থাত এটা বাছ আস্থানত পেলাই দিয়ে। আৰক্ষীয়ে ইতিমধ্যে ৰাজপাল সিং, তেওঁৰ পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ লগতে এই ঘটনাৰে জড়িত কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos