নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডৰ সন্দৰ্ভত ৪ জনক আটক

Murder Case Updates

নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডৰ সন্দৰ্ভত ৪ জনক আটক কৰিছে। 

নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ কন্যা বৃষ্টি  চক্ৰৱৰ্তী

স্থানীয় বাসিন্দা সত্য নাৰায়ণ বাছফৰ, আৰু তেওঁ পুত্ৰকো আটক কৰিছে।

উল্লেখ্য় যে, বুধবাৰে নিশা ঘৰৰ ভাত খাই সঞ্জীৱ চৌধুৰীৰ ঘৰলৈ আহিছিল নাৰায়ণ চক্ৰৱৰ্তী।

Murder

বৃহস্পতিবাৰে সন্ধিয়ালৈকে ঘৰলৈ নোযোৱাৰ বাবে ডাঙৰ জীয়েকে বিছাৰি আহিছিল দেউতাকক।

ডাঙৰ কন্যাই প্ৰথমে ঘৰৰ সা-সামগ্ৰী লণ্ড ভণ্ড অবস্থাত দেখিছিল তাৰপিছত শুই থকা অৱস্থাত দেখিছিল মৃত পিতৃক।

এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত দেখিছিল নাৰায়ণ চক্ৰৱৰ্তীক। লগে লগে নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী মৌছুমী চক্ৰৱৰ্তীক খবৰ দিয়ে তেওঁৰ কন্য়া বৃষ্টি চক্ৰৱতী।

কোৱাটাৰটোৰ দুৱাৰত তলা আছিল যদিও তলত পৰি আছিল চাবি।

মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ মূৰত দেখা গৈছে কিছুমান আঘাটৰ চিন।

Murder Case

নিশাই সোধাপোছাৰ বাবে পত্নী আৰু সত্য নাৰায়ণ বাছফৰ নামৰ কোৱাটাৰৰ কাষত থকা লোকজনক লৈ আনে থানালৈ

বৰ্তমান নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নী আৰু সত্য নাৰায়ণ বাছফৰ আছে লতাশিল থানত ।

কোৱাটাৰটোৰ মালিক সঞ্জীৱ চৌধুৰীকো থানালৈ মাতি আনিছে আৰক্ষীয়ে।

লতাশিল থানাত বৰ্তমান সোধপোছ কৰি আছে আৰক্ষীয়ে ।

Category
Profile picture for user UB Photos