ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ

Body of unidentified person

মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ। নুনমাটিৰ চূণচালিৰ ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ পুৰুষৰ এটা অৰ্ধগলিত মৃতদেহ।

ব্ৰহ্মপুত্ৰৰ চৰৰ মাজত থকা ঘন জংঘলত উদ্ধাৰ কৰা হৈছে অৰ্দ্ধগলিত মৃতদেহটো।

ব্ৰহ্মপুত্ৰৰ চৰত খেতি কৰা লোকসকলে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো। পৰৱৰ্তী সময়ত নুনমাটি আৰক্ষী থানা আৰু নদী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল। ঘটনাস্থলীত নুনমাটি আৰক্ষী থানাৰ লোক উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

উল্লেখ্য যে, উদ্ধাৰ হোৱা মৃতদেহটো অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি বহু দিনৰ পৰাই অচিনাক্ত মৃতদেহটো পৰি থকা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Category
Profile picture for user UB Photos