৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঃঅসমীয়া চিনেমা ‘ৰণুৱা’ই আজুৰিলে ৰাষ্ট্ৰীয় সন্মান, কংগনা, মনোজ বাজপায়ী, ধনুশলৈ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা…

National Awards

দীৰ্ঘদিনৰ প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত দিয়া হ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। নতুন দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে অনুষ্ঠিত হয় ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বঁটা বিতৰণী অনুষ্ঠান।

শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আজুৰিবলৈ সক্ষম হয় অভিনেত্ৰী কংগনা ৰানাৱটে। ৰাজকীয় শাৰী পৰিধান কৰি উপ-ৰাষ্ট্ৰপতিৰ পৰা কংগনা ৰানাৱটে গ্ৰহণ কৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা । ‘Manikarnika’ আৰু ‘Panga’ৰ বাবে অভিনেত্ৰীগৰাকীক প্ৰদান কৰা হয় এই বিশেষ সন্মান।

অন্যহাতে, মনোজ বাজপেয়ীয়ে ‘Bhonsle’ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবলৈ সক্ষম হয়। অন্যহাতে, অভিনেতা ধনুশে ‘Asuran’ৰ বাবে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

সোমবাৰে ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত দক্ষিণ তাৰকা ৰজনীকান্তক ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান ৫১ তম দাদাচাহেদ ফাল্কে প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰলৈ অভিনেতাজনে আগবঢ়োৱা অৱদানৰ বাবে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ পৰা লাভ কৰে এই সন্মানীয় বঁটা ।

শ্ৰেষ্ঠ হিন্দী চিনেমাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় চিত্ৰ নিৰ্মাতা নীতেশ তিৱাৰীৰ চিনেমা, প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে অভিনয় কৰা Chhichhoreই। বঁটা গ্ৰহণৰ সময়ত Chhichhoreৰ পৰিচালক আৰু প্ৰযোজকে ৰোমন্থন কৰে সুশান্ত সিং ৰাজপুতৰ সৈতে থকা মধুৰ স্মৃতি।

অন্যহাতে, ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ সন্মান পাবলৈ সক্ষম হয় চন্দ্ৰ মুদৈৰ পৰিচালিত বোলছবি ৰণুৱাই(Ronuwa-Who Never Surrender)। ইয়াৰ লগতে আন এখন অসমীয়া চিনেমা জোনাকী পৰুৱাই Feature Film Categoryত বঁটা পাবলৈ সক্ষম হয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ মাৰ্চ মাহতে ঘোষণা কৰা হৈছিল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিজয়ীৰ নাম। কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে কিছু পলম হয় বঁটা প্ৰদান অনুষ্ঠান।

Category
Profile picture for user UB Photos