৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য ফাদিল়! অৱশেষত মুখ খুলিলে শুভ্ৰজ্যোতি ভৰালীয়ে

Subhrajyoti Bharali

অৱশেষত মুখ খুলিলে শুভ্ৰজ্যোতি ভৰালীয়ে।

ফাদিল হ’ল ইণ্ডাষ্ট্ৰিয়েল বেংকৰ ৫০ কোটি টকীয়া কেলেংকাৰীৰ ৰহস্য।  জেৰাত মূখ খুলিছে বেংকটোৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীয়ে৷

ভৰালীয়ে নিজৰ ব্যক্তিগত বিত্তিয় প্ৰতিষ্ঠানৰ জৰিয়তে চলাইছিল লুণ্ঠন৷ অসমী ফাইনেন্স নামৰ এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰো মালিক ভৰালী৷

মূঠ ১২৫ জন ব্যক্তিগত কৰ্মচাৰীক বেংকত নিযুক্তি দিছিল ভৰালীয়ে৷ ধন সংগ্ৰহক হিচাপে নিযুক্তি দিছিল শতাধিক কৰ্মচাৰীক৷ প্ৰতিজনক দৰমহা হিচাপে দিছিল ১৫-২৭ হাজাৰ টকা৷ কিন্তু কাগজে পত্ৰই প্ৰতিজনক ৪৮ হাজাৰ দিয়া দেখুৱাইছিল ভৰালীয়ে৷ কৰ্মচাৰীৰ নামত থকা অতিৰিক্ত দৰমহা আত্মসাৎ কৰিছিল ভৰালীয়ে৷

TAৰ নামতো প্ৰায় ১ কোটি ১০ লাখ আত্মসাৎ কৰিছিল ভৰালীয়ে৷

পূৰ্বে বেংকটোত আত্মসহায়ক গোটক লোন দিয়া নিয়ম নাছিল৷ কিন্তু ভৰালীয়ে বেংকত যোগদান কৰিয়েই আত্মসহায়ক গোটক লোন দিছিল৷ লোনৰ কিষ্টি সংগ্ৰহৰ নামতো ৪ কোটি ৮২ লাখ আত্মসাৎ কৰিছিল৷

মুঠৰ ওপৰত সকলো ফালৰ পৰাই টকা সৰকোৱাত সিদ্ধহস্ত।

Category
Profile picture for user UB Photos