ৰেলৱে' ষ্টেচনত বিস্ফোৰণ, বিস্ফোৰণৰ ফলত আহত ছয়জন CRPF জোৱান...

6 CRPF personnel injured in blast at Raipur railway station

চত্তীশগড়ৰ ৰায়পুৰত বোমা বিস্ফোৰণ। ৰায়পুৰত বোমা বিস্ফোৰণৰ ফলত আহত ছয়জন CRPF জোৱান। ৰায়পুৰ ৰেলৱে' ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ ২ত শনিবাৰে পুৱা সংঘটিত হয় এই অঘটন।

পুৱা ৬.৩০ বজাত Special CRPF Trainত ডিটোনেটৰ বাকচকেইটা এঠাইৰ পৰা সিঠাইলৈ লৈ যোৱাৰ সময়তে হাতৰ পৰা পিচল খাই পৰি যোৱাত বিস্ফোৰিত হয় ডিটোনেটৰকেইটা। 

ৰায়পুৰ ৰেলৱে' ষ্টেচনত মুঠ ২৯টা ডিটোনেটৰ বিস্ফোৰণ হোৱাৰ ফলত এজন জোৱান গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে পাঁচজন জোৱান কম পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত জোৱানকেইজনক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। 

Category
Profile picture for user UB Photos