
বৰপেটা জিলা কাৰাগাৰত আচামীৰ আত্মহত্যা৷ কাৰাগাৰৰ শৌচাগাৰৰ ভেল্টিলেচনত গামোচাৰে চিপ লগাই আত্মহত্যা কৰিলে আচামীয়ে।
বৰপেটাৰ জনীয়াৰ দাউকমাৰী গাৱৰ হুছেইন আলিৰ পুত্ৰ ২২ বছৰীয়া হাচিবুল হাচানে চীপ লগাই আত্মহত্যা কৰিলে কাৰাগাৰত৷
এগৰাকী কিশোৰীক পলুৱাই নিয়াৰ অভিযোগত ২৮ ছেপ্টেম্বৰত জিলা কাৰাগাৰৰ প্ৰেৰণ কৰা হৈছিল যুৱকজনক৷ প্ৰেমৰ বাবেই যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে কাৰাগাৰ কতৃপক্ষই৷
কিন্তু পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ তুলিছে যুবকজনক৷ কিশোৰীগৰাকীৰ পৰিয়াল আৰু গাওখনৰ একাংশ দালালৰ বাবেই যুৱকজন হত্যাৰ বলি হবলগীয়া হ’ল বুলি পৰিয়ালে অভিযোগ তুলিছে৷
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটালত যুৱকজনৰ মৃতদেহ প্ৰেৰণ কৰা হৈছে৷
- Log in to post comments