শুভ মহালয়া! কিয় পালন কৰা হয় মহালয়া?

Mahalaya

আজি শুভ মহালয়া! উখল-মাখল ৰাজ্যৰ চৌদিশ। দেৱী বন্দনাৰে সমগ্ৰ দেশত আধ্যাত্মিক পৰিৱেশ।
কিন্তু কি এই মহালয়া?

mahalaya

দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় মহালয়া। হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি, আজিৰ দিনটোত ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমনৰ বাবে দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। আজিৰ দিনটোতে দেৱী দুৰ্গাই পৃথিৱীলৈ আগমন কৰা বুলি লোকবিশ্বাস কৰা হয়।

Durga Puja

মহালয়াৰ দিনটো দেশৰ বিভিন্ন স্থানত নানান ৰীতি-নীতি পালন কৰা হয়। তাৰ লগতে পূৰ্বপুৰুষসকলক স্মৰণ আৰু প্ৰণাম জনোৱা হয়। তাৰ লগতে দুৰ্গা পুজাৰ বাবে বনোৱা পেণ্ডেলত দুৰ্গা মাৰ মূৰ্তি স্থাপন কৰা।
হিন্দু বিশ্বাস অনুসৰি, দেৱী দুৰ্গাই মহালয়াত তেওঁৰ পিতৃক লগ পাবলৈ ধৰাত নামি আহে।

Mahalaya2

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো আজি দবা, শংখৰ ধ্বনিৰে মহিষমৰ্দিনীক আদৰিবলৈ সাজু ৰাজ্যবাসী। দেৱীৰ বন্দনাৰে বিভিন্ন স্থানৰ মঠ-মন্দিৰত ভিৰ কৰিছে ভক্তই

Category
Profile picture for user UB Photos