এতিয়াৰে পৰা ঘৰতে বহি ফেৰীৰ টিকট সংগ্ৰহ কৰিব পাৰিব ৰাইজে

From now on people will be able to sit at home and collect ferry tickets

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ নিমাতী ঘাট পৰিদৰ্শন কৰে। 

মাজুলী আৰু যোৰহাটৰ মাজৰ ৰো-পেক্স সেৱা সন্দৰ্ভতো মুখ্যমন্ত্ৰী গৰাকীয়ে কৰে বিতং পৰ্যালোচনা।

মুখ্যমন্ত্ৰীয়ে জল পৰিবহণ ব্যৱস্থাৰ সুচলকৰণৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে, সেইসমূহ -

• যোৰহাট আৰু মাজুলীৰ মাজত দুখন ৰো-পেক্স ভেছেলৰ সেৱা কাৰ্যকৰী হৈ উঠিছে। 

• পুংখানুপুংখ পৰিদৰ্শনৰ পাছত বিভাগটোৱে দুখন স্থানীয় নাও চলাচলৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছে। সামুদ্ৰিক ইঞ্জিন থকা দুখন স্থানীয় নাও আজিৰ পৰা চলাবলৈ অনুমতি দিয়া হ’ব। নাও দুখনৰ চালক তথা কৰ্মচাৰীয়ে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যাত্ৰী সুৰক্ষা নিয়ম অনুসৰণ কৰিব লাগিব।

• অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন জাহাজৰ উপৰি শীঘ্ৰেই মাজুলীত দুখন ভেছেল, এম ভি ৰাজলক্ষ্মী আৰু এম ভি দিগাৰু উপস্থিত হ’ব ৷

• ইতিমধ্যে ভাৰত চৰকাৰক আৰু দুখন ৰো-পেক্স ভেছেল অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ এখন ভেছেল যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব।

• একক ইঞ্জিন থকাৰ বাবে চলাচল স্থগিত ৰখা ৮খন স্থানীয় নাৱৰ ইঞ্জিন ৰাজ্য চৰকাৰৰ ব্যয়ত সামুদ্ৰিক ইঞ্জিনলৈ ৰূপান্তৰ কৰা হ’ব।

• যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰো-পেক্স ভেছেল আৰু নাৱৰ সময় পুনৰ নিৰ্ধাৰণ কৰা হৈছে আৰু সেই অনুসৰি সেই ভেছেল আৰু নাওসমূহ দিনত তিনিবাৰ চলাচল কৰিব।

• যাত্ৰীসকলে ঘৰৰ পৰাই টিকট বুক কৰিব পৰাকৈ এটা এপ মুকলি কৰা হ’ব।

• তদুপৰি ডিব্ৰুগড় হৈ যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব পৰাকৈ দুখন নৈশ বাছৰ ব্যৱস্থা কৰা হ’ব।

Category
Profile picture for user UB Photos