
মাজুলীত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।
বৃহস্পতিবাৰে পুৱাই নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মাজুলীত উপস্থিত হৈয়ে আজিৰে পৰা নিমাতী-মাজুলীত একক ইঞ্জিন ফেৰী বন্ধ কৰিলে মুখ্যমন্ত্ৰীয়ে।
নিমাতী ঘাটত দুখন ৰ'পেস্ক সহ ছখন চৰকাৰী জাহাজ চলিব। নিমাতী ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে। প্ৰয়োজনত আত্মীয়ক দিব সংস্থাপন।
যোৰহাট আৰক্ষীক এক গোচৰ ৰুজু কৰি নিমাতী ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভৰ বাৰিষা ৰ'পেস্ক জাহাজৰ চলাচল বন্ধ হৈ থকা বিষয়টোও সোমাব তদন্তত। একক ইঞ্জিন চালিত ফেৰীৰ গৰাকীক দুই ইঞ্জিন চালিত কৰিবলৈ দিব ১০ লাখকৈ টকা।
- Log in to post comments