হোটেলত গো মাংস যোগান ধৰি আৰক্ষীৰ জালত ব্যৱসায়ী

Traders in police nets by supplying beef to hotels

ৰাজ্যত গো সুৰক্ষা আইনক লৈ চৰ্চা চলি থকাৰ সময়তে শুকুৰবাৰে পুৱা বঙাইগাঁৱত সৃষ্টি হয় এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱত ৰাইজৰ জালত ভ্ৰাম্যমান গো মাংস ব্যৱসায়ী। জিলাখনৰ সিদলসতীত ৰাইজৰ জালত পৰে গো মাংস ব্যৱসায়ীগৰাকী।

দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ লাইন হোটেলত গো মাংস যোগান ধৰি আহিছিল ধৃত গো মাংস ব্যৱসায়ী আব্দুল হামিদে। আৰক্ষীয়ে প্ৰায় ২৫কেজি মাংসসহ আটক কৰে ব্যৱসায়ীজনক।

As-26-1834 নম্বৰৰ বাইক এখনেৰে জিলাখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী হাপাচাৰাৰ হোটেলত গো মাংস যোগান ধৰিছিল আব্দুল হামিদে।

Category
Profile picture for user UB Photos