জুৱাৰ বিৰুদ্ধে অৱ্যাহত আছে ডবকা আৰক্ষীৰ অভিযান

Doboka Juwa

সোমবাৰে ডবকাৰ পুৰণা বজাৰত ডবকা আৰক্ষীয়ে উচ্ছেদ কৰে এটি জুৱাৰ ঘাটি। জুৱাৰ ঘাটিৰ পৰা জব্দ নগদ ধন, জুৱা খেলৰ সামগ্ৰী , দুখন মটৰ চাইকেল, তিনিটা মোবাইল ফোন আৰু বিলাসী বাহন৷

লগতে আকবৰ আলী নামৰ এজন জুৱাৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষী৷ অৱশ্যে আৰক্ষী অহাৰ উমান পাই বাকী জুৱাৰীকেইজনে কাষত থকা যমুনা নৈত জপিয়াই পলায়ন কৰে৷

উল্লেখ্য যে, ডবকাৰ পুৰণা বজাৰস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ নিচেই কাষতে জনৈক চিৰাই নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিনৰ পৰা জুৱা চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ৷ এই জুৱাৰ ঘাটিত হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ ধিং, জুৰীয়া, ৰূপহী, ডুমডুমীয়া, আদি অঞ্চলৰো জুৱাৰীয়েওঁ অংশ লৈছিল এই জুৱা খেলখনত৷

 

Category
Profile picture for user UB Photos