শেহতীয়াকৈ বানত হাহাকাৰ কৰিছে বকো সমষ্টিৰ বিস্তীৰ্ণ এলেকাৰ ৰাইজ।
বকো সমষ্টিৰ নতুন মালিবাৰী পথাৰ বজাৰ, মালিবাৰী সত্ৰ, মন্দিৰা এন চি, জাৰপাৰা, ডেকাচাং বগুৰিগুৰী, ছমৰীয়াকে আদি বহু গাঁও সম্পূৰ্ণৰূপে বুৰ যোৱাত ব্যাহত হৈ পৰিছে সাধাৰণ জীৱন যাপন। মানুহ ঘৰৰ বাহিৰলৈ ওলাই অহাটোও এক প্ৰকাৰৰ অসম্ভৱ হৈ পৰিছে। বিস্তীৰ্ণ অঞ্চল বানত ডুব যোৱাত ফলত মানুহৰ লগতে খাদ্যৰ অভাৱ হৈছে পশুধনৰো।
অঞ্চলসমুহৰ ৰাইজে টুলুঙা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে যদিও সংঘটিত হৈছে ইটোৰ পিছত সিটো নৌকা দুৰ্ঘটনা।
ইতিমধ্যে সংঘটিত হোৱা দুটাকৈ নৌকা দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰায় ১০ জন যাত্ৰীৰ।
বকোৰ বান পীড়িত অঞ্চলত শীঘ্ৰেই পশুখাদ্য যোগান ধৰাৰ লগতে যাতায়াত ব্যৱস্থা বাহাল কৰিবলৈ এতিয়া জিলা প্ৰশাসনক দাবী জনাইছে ৰাইজে।
- Log in to post comments