নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব আনন্দ মিশ্ৰ

election

অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব প্ৰাক্তন IPS বিষয়া তথা বিজেপি বিধায়ক আনন্দ মিশ্ৰ।

তিনিচুকীয়া, লখিমপুৰ আৰু নগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই।

৫ এপ্ৰিলত তিনিচুকীয়াত প্ৰচাৰ চলাব বিজেপি নেতা আনন্দ মিশ্ৰই। বিজেপি প্ৰাৰ্থী পুলক গোহাঁইৰ হৈ তিনিচুকীয়াত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই। ৬ এপ্ৰিলত লখিমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব আনন্দ মিশ্ৰই। লখিমপুৰৰ বিজেপি প্ৰাৰ্থী মানৱ ডেকাৰ হৈ চলাব প্ৰচাৰ।

৭ এপ্ৰিলত নগাঁৱত নিৰ্বাচনী সভাত অংশ ল’ব আনন্দ মিশ্ৰই। নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাব বিজেপি বিধায়ক আনন্দ মিশ্ৰই।

Category