নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী

narendra modi


আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

নিশা ৮.৪০ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মোদী।

মোহনবাৰী বিমান বন্দৰৰ পৰা মনোহাৰী ৰিজ’ৰ্টলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। 

নিশাটো মনোহাৰী ৰিজ’ৰ্টতে কটাব প্ৰধানমন্ত্ৰী মোদীয়ে।

পুৱা ১০.১৫ বজাত হেলিকাপ্টাৰযোগে গোগামুখলৈ  ৰাওনা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 

গোগামুখত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰাৰ্থীৰ ৰণোজ পেগু আৰু নৱ কুমাৰ দলেৰ হৈ প্ৰচাৰ চলাব মোদীয়ে।

গোগামুখৰ পৰা বিহালীলৈ যাব প্ৰধানমন্ত্ৰী মোদী। বিহালীত বিয়লি ২ বজাত নিৰ্বাচনী সভাত অংশ ল’ব মোদীয়ে। বিশ্বনাথ জিলাৰ আটাইকেইটাই সমষ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে। ৰণজিত দত্ত, পল্লৱলোচন দাস আৰু উৎপল বৰাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।


 

Category