নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত নিৰ্বাচনী হিংসা!

 নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত নিৰ্বাচনী হিংসা!

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷ 

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত উত্তপ্ত পৰিস্থিতি। 

দেওবাৰে নিশা ভৈৰৱকুণ্ডত দুৰ্বৃত্তৰ আক্ৰমণত ক্ষতিগ্ৰস্ত  ইউপিপিএলৰ এখন বাহন। সমগ্ৰ ঘটনাত বিপিএফ দল জৰিত থকাৰ অভিযোগ উত্থাপন কৰে। 

প্ৰাপ্ত তথ্য অনুসৰি, নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুৰ্বৃত্তৰ দলটোৱে ইউপিপিএলৰ বাহনখনক লক্ষ্য কৰি লৈ আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ  দলটোৱে। আক্ৰমণত বাহনখনৰ আইনা ভাঙি চূৰমাৰ কৰাৰ লগতে ব্যাপক ক্ষতিসাধন কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।

Category