ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চুম চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই ৷
১ আৰু ২ এপ্ৰিললত অসমলৈ আহিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্রিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী৷ নাজিৰা আৰু খোৱাং সমষ্টিত প্রিয়ংকা গান্ধীয়ে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে কাৰ্বি পাহাৰৰ বোকাজানত দলীয় প্ৰাৰ্থীৰ হৈ বজাব নিৰ্বাচনী ৰণডংকা ৷
- Log in to post comments