ৰঙিয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

rangia

ৰঙিয়াত নিৰ্বাচনী সভাত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ। 

বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে বিশাল নিৰ্বাচনী সভা

প্ৰতিকূল বতৰকো নেওচি সভাত উপস্থিত থাকে কেইবা সহস্ৰাধিক দলীয় নেতা-কৰ্মী। 

সভাত অংশগ্ৰহণ কৰি সমবেত ৰাইজক উদ্দেশ্যি ভাষণ ৰাখে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে। ভাষণ প্ৰসংগত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰে ৰাজ্যবাসীক উপকৃত কৰি অহা বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে।

অৰুণোদয়, লাখপতি বাইদেউকে ধৰি একাধিক মহিলা কেন্দ্ৰিক আঁচনিয়ে আই-মাতৃসকলক বিশেষ মৰ্যাদা প্ৰদান কৰা বুলিও অভিহিত কৰে শিৱৰাজ সিং চৌহানে

Category