জোনাইত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ডভণ্ড!

jonai

৮০ নং জোনাই বিধানসভা সমষ্টিত ভয়ংকৰ ঘটনা। 

নিশা চিমেন-চিচি টঙানি ব্লক কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় দুৰ্বৃত্তই  লণ্ডভণ্ড কৰি থৈ যোৱাৰ অভিযোগ।

উল্লেখযোগ্য যে, চিলাপথাৰৰ কুলাজান তিনি আলিত স্থাপন কৰা এই কাৰ্যালয়টো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই দুৰ্বৃত্তই  কাৰ্যালয়টোৰ বহু সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়।

এই ঘটনাৰ পিছত কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচনী বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে। লগতে ভয়-ভাবুকিৰে ৰাইজৰ সমৰ্থন লাভ কৰিব নোৱাৰি বুলি উল্লেখ কৰি ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে দলটোৱে।


 

Category