পুনৰ কৃত্ৰিম বানৰ কৱলত গুৱাহাটী মহানগৰী ৷ এজাক বৰষুণতে ডুব গ’ল মহানগৰীৰ বাট-পথ ৷ গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো সুদোত্তৰ লাভ কৰা নাই মহানগৰবাসীয়ে ৷ ফলত বছৰৰ পিচত বছৰ ধৰি জলা-কলা খাই আহিছে মহানগৰবাসীয়ে ৷
শনিবাৰে পুৱা অহা বৰষুণজাকৰ পাছতে মহানগৰীৰ ঠায়ে ঠায়ে হৈছে একাঁঠু পৰ্যন্ত পানী । কি চানমাৰি, কি বামুণীমৈদাম,হাতীগাঁও, পাঞ্জাবাৰী, বেলতলা, ৱায়াৰলেছকে আদি কৰি বিভিন্ন অঞ্চল এজাক বৰষুণৰ পাচতেই এতিয়া জলমগ্ন হৈ পৰিছে।
উন্নয়নৰ ঢাক-ঢোলৰ বিপৰীত ছবি প্ৰতিফলিত হৈছে মহানগৰীত।বতৰ বিজ্ঞান কেন্দ্ৰই কামৰূপ মহানগৰ জিলাত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট
- Log in to post comments