চুবুৰীয়া ৰাজ্য মণিপুৰত। অব্যাহত আছে উগ্ৰপন্থী আৰু অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান
হিংসাজৰ্জৰিত মণিপুৰৰ পশ্চিম ইম্ফল,পূৱ ইম্ফল,টেঙনৌপাল জিলাৰ বিভিন্ন স্থানত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে সাতজন উগ্ৰপন্থীক
ধৃত উগ্ৰপন্থী কেইজনৰ ভিতৰত ৪ জন PLA , ১জন UNLF, ১জন KCP আৰু ১জন KYKLৰ সদস্য।
আৰক্ষীৰ মতে,PLA উগ্ৰপন্থী কেইজনে ইম্ফল চহৰত IED বিষ্ফোৰণৰ পৰিকল্পনা কৰিছিল। PLA উগ্ৰপন্থী কেইজনৰ পৰা ৩টা শক্তিশালী IED, 2.47 kg ওজনৰ ৭ টা TNT ২টা Detonator, ২টা Timer আৰু ৩টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।
- Log in to post comments