হোজাই জিলাৰ লংকাৰ লস্কৰপথাৰ এলেকাৰ পৰা নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ
নিৰুদ্দেশ হোৱা কিশোৰজনৰ সজল দেৱনাথ বুলি জানিব পৰা গৈছে।।
পৰিয়ালৰ লোকে সদৰী কৰা অনুসৰি, নৱম শ্ৰেণীত অধ্যয়নৰত সজল দেৱনাথ শুকুৰবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে আত্মীয়-স্বজন আৰু পৰিচিত সকলৰ ঘৰত সোধ-পোচ কৰে যদিও এতিয়ালৈকে তেওঁৰ কোনো খা-খবৰ লাভ কৰিব পৰা নাই।
ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইফালে, নিৰুদ্দেশ কিশোৰজনৰ সন্ধান কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 8638029291 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।
- Log in to post comments