বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা হ'ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা আছিল৷ সেই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ পালে বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা৷ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে বৃহস্পতিবাৰে ৮৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷
এইবাৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত বহু নতুন মুখৰ লগতে টিকট কটা গ’ল একাংশ বিয়াগোম নেতাৰ।
টিকট কৰ্তনৰ পাছতে।ধলাই বিধায়ক নিহাৰ ৰঞ্জন দাসে কৰিলে পদত্যাগ
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰদান কৰিলে পদত্যাগ পত্ৰ। দলে বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
বিগত উপ-নিৰ্বাচনত ধলাই সমষ্টিৰ পৰা বিজয়ী হৈছিল নিহাৰ ৰঞ্জন দাস। পৰিমল শুক্লবৈদ্য লোকসভালৈ নিৰ্বাচিত হোৱাৰ পিছতে ধলাই সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী হৈছিল নিহাৰ ৰঞ্জন দাস।
- Log in to post comments