জামুগুৰিহাটৰ মংগবৰীয়া অঞ্চলত মৰ্মান্তিক দুৰ্ঘটনা।
তীব্ৰবেগী AS-03-BC-7305 নম্বৰৰ ডাম্পাৰে মহতিয়াই নিলে স্কুটিক ফলত এগৰাকী মহিলা থিতাতে নিহত হয়।
নিহত মহিলাগৰাকী মেনুকা দেৱী (৪৩) বুলি জানিব পৰা গৈছে আনহাতে, পৱন খৰেল (২৫) নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।আহত যুৱকজনৰ অৱস্থা সংকটজনক হোৱা বাবে তৎকালীনভাৱে তেওঁক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাৰ পিছতে ডাম্পাৰখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই পথৰ কাষত বাগৰি পৰে। ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ পাই জামুগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
- Log in to post comments