চাৰ্জিং পইণ্টত বিজুতি ঘটি বিস্ফোৰণ;নিহত শিশুসহ ৮গৰাকী লোক

Madhya Pradesh

মধ্যপ্ৰদেশৰ ইন্দোৰৰ ব্ৰজেশ্বৰী এনেক্স কলনীত বিধ্বংসী অগ্নিকাণ্ড। বুধবাৰে পুৱা এটা তিনিমহলীয়া অট্টালিকাত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা।

ঘটনাৰ বিৱৰণী মতে, এখন বৈদ্যুতিক বাহন চাৰ্জ কৰি থকাৰ সময়তে চাৰ্জিং পইণ্টত বিজুতি ঘটি হঠাৎ বিস্ফোৰণ হয়। ইয়াৰ পাছতে নিমিষতে সমগ্ৰ অট্টালিকাটোত বিয়পি পৰে জুই। তাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।এই ভয়ংকৰ অগ্নিকাণ্ডত ৮গৰাকী লোক নিহত হয়।

উল্লেখ্য যে, এই ঘটনাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

মধ্যপ্ৰদেশ চৰকাৰে এই সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে। লগতে ঘটনাক লৈ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

নিহতসকলৰ পৰিয়ালৰ বাবে ২ লাখকৈ টকাৰ আৰ্থিক অনুদান ঘোষণা। আনহাতে, আহতসকলৰ বাবে ৫০ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে চৰকাৰে।

Category