নগাঁৱৰ সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

nagaon news

সমাগত ২০২৬ বিধানসভা নিৰ্বাচন।  নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী ৰণকৌশল। ঘোষণা কৰিছে প্ৰাৰ্থিত্বৰ তালিকা। ইয়াৰ মাজতে নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে প্ৰস্তুতি। 

নগাঁৱৰ জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্তই জিলাখনৰ সকলো চৰকাৰী বিভাগৰ মুৰব্বীলৈ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰে। 

উল্লেখ্য যে, নিৰ্বাচনী কামত নিয়োজিত কোনো বিষয়া বা কৰ্মচাৰীক জিলা আয়ুক্ত আৰু নিৰ্বাচন আয়োগৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ পৰা বদলি কৰিব নোৱাৰিব। একেদৰে, জৰুৰী কাৰণ অবিহনে কোনো কৰ্মচাৰীকে ছুটী প্ৰদান কৰা নহ'ব। লগতে নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বৰ্তমান বলবৎকৰা হৈছে, সেয়েহে সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতি অপৰিহাৰ্য। আনফালে নগাঁও জিলাৰ সকলো ভোটকেন্দ্ৰত সুৰক্ষা আৰু অন্যান্য সা-সুবিধা নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। 
 

Category