ভূপেন ৰায় মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী মুৰ্দাবাদ ধ্বনিত উত্তাল বিজেপি বঙাইগাঁও জিলা কাৰ্য্যালয়।
ভূপেন ৰায়ে বিজেপিত যোগদান কৰি অভয়াপুৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ চৰ্চা সংবাদমাধ্যমত ওলোৱাৰ পিছত ভূপেন ৰায়ৰ বিৰুদ্ধে আৰু ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ স্বাব্যস্ত কৰে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলে।
তেওঁলোকৰ দাবী অভয়াপুৰীত চালানী প্ৰাৰ্থী দিলে সেয়া সমৰ্থন নকৰিব বিজেপিৰ দলীয় কৰ্মী সকলে।
কৰ্মীসকলে সংবাদমাধ্যমৰ আগত জানিব দিয়ে অভয়াপুৰীত বিজেপিৰ ভেটি যথেষ্ট মজবুত সেয়েহে অভয়াপুৰীত বিজেপিৰ নিজা প্ৰাৰ্থী লাগিবই বুলি ৰাজ্যিক সমিতিক আহবান জনায় দলীয় কৰ্মী সকলে।
বিজেপিৰ জিলা সভাপতি উজ্জ্বল কান্তি ৰায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য - যদি ভূপেন ৰায়ে বিজেপিত যোগদান কৰিয়েই অভয়াপুৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পায় তেনেহলে প্ৰতিজন বিজেপি কৰ্মীয়ে এইটোৰ বিৰোধিতা কৰিব।
- Log in to post comments