যোৰহাটৰ পুন:নিৰ্মিত বিষ্টুৰাম বৰুৱা হল মুকলি

jorhat news

যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াস্থিত বহু ঐতিহ্যৰে সমৃদ্ধ যোৰহাট বিষ্টুৰাম বৰুৱা হল বহু বছৰ ধৰি ক্ৰমাৎ জহি খচি যোৱাত যোৰহটীয়া ৰাইজৰ বহুদিনীয়া দাবী আছিল হলটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। 

যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই যোৰহাট জিলা পৌৰসভাৰ সহযোগত অসম চৰকাৰৰ গৃহও নগৰ পৰিকল্পনা বিভাগৰ চহৰ আন্ত:গাঠনি উন্নয়ন পুঁজিৰ অধীনত বিষ্টুৰাম হলটোৰ পুন:নিৰ্মাণৰ কাম সম্পুৰ্ণ কৰি আজি আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে।

উদ্ধোধনী অনুষ্ঠানটিত বিধায়ক গৰাকীৰ সহিতে যোৰহাট পৌৰসভা আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগতে ভালেসংখ্যক ৰাইজ উপস্থিত থাকে।


বিধায়ক গৰাকীয়ে মন্তব্য প্ৰসংগত কয় যে সভা সমিতি কম কৰি জেষ্ঠ্য নাগৰিক সকলৰ সুবিধাৰ্থে, তেওঁলোকৰ বাবে অকনমান ঠাই দিয়াৰ উদ্দেশ্যই ন-ৰূপত সজাই পৰাই তোলা হৈছে বিষ্টুৰাম বৰুৱা হল।
 

Category