মুকালমুৱাৰ ঘৰুবাহাত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ কেইবা লক্ষাধিক টকাৰ সম্পত্তি।
মুকালমুৱাৰ ঘৰুবাহাত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
এই ভয়াৱহ অগ্নিকাণ্ডত ত্ৰৈলোক্য নাথ নামৰ লোকজনৰ পুখুৰীৰ পাৰত থকা পাম হাউচৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
হঠাৎ সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ পোৱাৰ লগে-লগে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে।
Category
- Log in to post comments