সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনলৈ বাকী থকাৰ মাজতে।প্ৰাৰ্থী নিৰ্বাচনলৈকে শাসক-বিৰোধী উভয় দলেই ব্যাপক ৰণনীতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । অৱশ্যে বিৰোধী মিত্ৰজোঁটৰ সমীকৰণটো সমাধান নোহোৱাকৈয়ে কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণাক লৈ মিত্ৰজোঁটৰ অংশীদাৰ দলৰ মাজত কিছু অসন্তুষ্টিৰ ভাব পৰিষ্কাৰ হৈছে । আনহাতে, শাসকীয় দল বিজেপি ইয়াৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাও অতি সোনকালে প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে ।
ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এ আই ইউ ডি এফে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।
সোমবাৰে নিশা গুৱাহাটীত এক সংবামেলযোগে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ কৰে বদৰুদ্দিন আজমল নেতৃত্বতাধীন এ আই ইউ ডি এফে ৷
প্ৰথমখন তালিকাত ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।
এ আই ইউ ডি এফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা
৫৬নং ৰূপহীহাট সমষ্টি : আমিনুল ইছলাম (পূৰ্বৰ ধিং সমষ্টিৰ বিধায়ক)
২২নং মন্দিয়া সমষ্টি : ৰফিকুল ইছলাম (জনীয়াৰ বিধায়ক)
২৫নং পাকা বেতবাৰী সমষ্টি : মিনাক্ষী ৰহমান
৫নং পৰ্বতঝোৰা সমষ্টি : আবু তাহেৰ বেপাৰী
৭নং গৌৰীপুৰ সমষ্টি : নিজানুৰ ৰহমান
১৭নং সৃজনগ্ৰাম সমষ্টি : ৰেজাউল কৰিম সৰকাৰ
৫৫নং ধিং সমষ্টি : মতিউৰ ৰহমান
১০নং বিলাসীপাৰা সমষ্টি : শ্বাবানা আকতাৰ
৫৭নং লাহৰীঘাট সমষ্টি : ছিদ্দিক আহমেদ
- Log in to post comments