অসমৰ চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ দাবীত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ।
অসমৰ চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ যৌথ মঞ্চ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি চচলৰ ধৰ্ণাস্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে।
উল্লেখযোগ্য যে, অসমৰ চাহ শ্ৰমিক সকলে দীৰ্ঘকাল ধৰি মজুৰি বৃদ্ধিৰ বাবে দাবী জনাই আহিছে। কিন্তু বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদানত চৰম বিশ্বাসঘাতকতা কৰিছে। শেহতীয়াকৈ চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ ৩০ টকা বৃদ্ধি কৰিছে বিজেপি চৰকাৰে।
বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাৰ প্ৰতিবাদত আজি গুৱাহাটীৰ চচলত অসমৰ চাহ শ্ৰমিক আৰু চাহ জনগোষ্ঠীৰ যৌথ মঞ্চ চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
- Log in to post comments