গেলেকীত ভয়ংকৰ অগ্নিকাণ্ড! ভস্মীভূত বাসগৃহৰ সকলো সামগ্ৰী

fire

গেলেকীৰ আঠখেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

ন-পাম বাৰুৱতী বিলবস্তি গাঁৱৰ উত্তম কুমাৰ সিংহাৰ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

ঘৰত কোনো নথকাৰ সময়তে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ।

অগ্নিকাণ্ডৰ সূত্ৰপাতৰ বিষয়ে নিশ্চিতি হোৱা নাই যদিও পূজা কৰা চাকিৰ পৰা এই ঘটনা সংঘটি হোৱাৰ সন্দেহ কৰা হৈছে ।

অগ্নিকাণ্ডৰ ফলত ঘৰৰ ভিতৰত থকা সকলো সা-সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে ।

পৰৱৰ্তী সময়ত অগ্নিনিবাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও বাসগৃহৰ সকলো জ্বলি ভস্মীভূত হয়।

 

Category