শ্ৰীভূমি জিলাৰ নিলামবাজাৰ আৰক্ষীৰ অভিযান।
গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই নিলামবাজাৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ য়াবা টেবলেট জব্দ কৰে।
ডিএছপি ৰিতুৰাজ মজুমদাৰ আৰু নিলামবাজাৰ থানাৰ অ’চি আনন্দ মোডীৰ নেতৃত্বত এটা বিশাল আৰক্ষী দলে এই অভিযান চলাইছিল। অভিযানত জমিৰ উদ্দিন নামৰ এজন যুৱকক আটক কৰা হয়।
তালাচীৰ সময়ত জমিৰ উদ্দিনৰ পৰা মুঠ ২০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় এক কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
Category
- Log in to post comments