মহানগৰীৰ জয়ানগৰৰ বিলাসী ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ বন্ধ কোঠাত ওলাল যুৱকৰ মৃতদেহ

guwahati news

পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আহিছে অপৰাধ।

ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Dead body recovered)।

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ জয়ানগৰৰ বিলাসী ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ বন্ধ কোঠাত ওলাল এজন যুৱকৰ মৃতদেহ। 

ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ ১০৪ কোঠাত উদ্ধাৰ ২৮ বছৰীয়া যুৱকৰ মৃতদেহ।মৃত যুৱকজন শিৱসাগৰৰ মৰিয়ন চেতিয়া বুলি জানিব পৰা গৈছে। এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ ১০৪ কোঠাত উদ্ধাৰ মৰিয়নৰ মৃতদেহ। AS01DJ1449 নম্বৰৰ ফৰচুনাৰ বাহনখন লৈ আহিছিল।

সেই সময়তে এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে দেখিছিল বিলাসী বাহনেৰে অহা যোৱা কৰাৰ দৃশ্য। কিন্তু আজি ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ ১০৪ নং কোঠাৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়।
কিন্তু কেনৈকে মৃত্যু হ’ল যুৱকজনৰ? বৰ্তমান ৰহস্য আৱৰ্তত সমগ্ৰ ঘটনা।

Category