মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম; কোনবোৰ ছাত্ৰই লাভ নকৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন!

Mukhya Mantrir Nijut Babu Asoni

ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে ভাল খবৰ। মুকলি হ'ল বাবু আঁচনিৰ ফৰ্ম।‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে সমৰ্থ প’ৰ্টেলযোগে আবেদন কৰিব লাগিব ছাত্ৰই।

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমত জনালে এই কথা। ইয়াৰ লগতে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে চৰকাৰী বান্ধি দিলে চৰ্ত।

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ সুবিধা লাভ কৰিব বাবে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ পৰিয়াল অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। লগতে পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ অধিক হ’ব নোৱাৰিব। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে আৱেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ’ব লাগিব।

লগতে স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ’লে এই আঁচনিৰ সুবিধা লাভ নকৰিব। ‘বাণীকান্ত কাকতি মেধা বঁটা’ৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ সুবিধা। স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা।

‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ উপস্থিতি, শৈক্ষিক আচৰণ, আৰু অধ্যাপক, কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণকে ধৰি নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম-নীতি বজাই ৰাখিব লাগিব আৰু মানি চলিব লাগিব। অসৎ আচৰণ, অনুশাসনহীনতা, প্ৰতাৰণা, ৰেগিং বা আন কোনো অগ্ৰাহ্যযোগ্য আচৰণকে ধৰি প্ৰতিষ্ঠানিক নিয়ম উলংঘা কৰিলে এই আঁচনিৰ অধীনত সুবিধাসমূহ প্ৰত্যাহাৰ কৰা হ’ব।


 

Category