গুৱাহাটী মহানগৰীৰ চানমাৰি আৰক্ষীৰ জালত পৰিছে এটা কুখ্যাত চিলনী চোৰ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰজন গান্ধী মণ্ডপৰ শৰণীয়া হিলৰ ৰাহুল বৰুৱা৷
উল্লেখ্য, চানমাৰি থানা এলেকাত দীৰ্ঘদিন ধৰি একাংশ মহিলাৰ ডিঙিৰ পৰা থপিয়াই নিছিল মোবাইল ফোন৷ বহু ভুক্তভোগী মহিলাই থানাত এজাহাৰ দাখিল কৰিছিল যদিও চিলনী চোৰৰ সন্ধান উলিয়াব পৰা নাছিল আৰক্ষীয়ে৷ আনকি অলপতে ৰাজগড় ৰোডত ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া মহিলাগৰাকীয়ে আৰক্ষীক ঘটনাটো অবাগত কৰোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ তদন্তৰ মাজতে চানমাৰি আৰক্ষীৰ তৎপৰতাত চিলনী চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হয় আৰক্ষীয়ে৷ধৃত চোৰটোৰ পৰা চুৰি স্কুটি উদ্ধাৰ কৰিছে৷
উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন অঞ্চলত চুৰি স্কুটিৰে সোণৰ চেইন আৰু মোবাইল ফোন থপিয়াই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল কুখ্যাত চিলনী চোৰটোৱে৷ ধৃত চোৰজনৰ পৰা আৰক্ষীয়ে চুৰিকাৰ্যত ব্যৱহৃত এএছ০১ ই ৱাই ৬৮৪৭ নম্বৰৰ স্কুটিখন জব্দ কৰে৷
- Log in to post comments