গুৱাহাটীৰ উজান বজাৰত গ্ৰাহকৰ ভিৰlমাছ-ৰৌ, ভকুৱা, চিতল, বৰালি, আৰি, শিলঘৰীয়াই আকৰ্ষণ কৰিছে গ্ৰাহকক

guwahati news

পুৰণি বিদায় জনাই নতুনক আদৰিবলৈ সাজু বিশ্ববাসী। আশা নিৰাশাৰ মাজতে পাৰ হ’ল এটা বছৰ। নতুন বছৰক ন আশাৰে আদৰিবলৈ সাজু সকলো। বছৰৰ শেষৰটো দিন সকলোৱে এসাঁজ একেলগে আনন্দৰে খোৱাৰ হেঁপাহৰে বাবে চলাইছে প্ৰস্তুতি। ২০২৫ চনক বিদায় দিবলৈ এসাঁজ খোৱাৰ লক্ষ্যৰে বজাৰত ভিৰ কৰিছে গ্ৰাহকে। ২০২৫ চনৰ আজি শেষৰটো দিন। সকলোৱে উৎসুকতাৰে বছৰটো বিদায় দিব বিচাৰিছে। 

গুৱাহাটীৰ মাছৰ বজাৰত ভিৰ গ্ৰাহকৰ। পুৱা প্ৰায় ৫ বজাৰ পৰা ১১ বজালৈ খোলা থকা উজানবজাৰত দেখিবলৈ পোৱা গ’ল এক বিশেষ উচ্ছ্বাস। নিজ নিজ পছন্দৰ মাছ ক্ৰয় কৰিবলৈ গুৱাহাটীৰ লগতে চৌপাশৰ অঞ্চলসমূহৰ পৰা লোক পুৱাৰে পৰা উজানবজাৰৰ মাছৰ বজাৰত উপস্থিত হয়। বজাৰখনত মাছ-ৰৌ, ভকুৱা, চিতল, বৰালি, আৰি, শিলঘৰীয়া আদি। বিশেষ আকৰ্ষণ আছিল প্ৰায় ১৫ কেজি ওজনৰ এটা ভকুৱা মাছ আৰু ১১ কেজি ওজনৰ শিলঘৰীয়া মাছ, যিয়ে গ্ৰাহকৰ দৃষ্টি বিশেষভাৱে আকৰ্ষণ কৰে।

 মৎস্য বজাৰত সৰু বৰ অসংখ্য মাছৰ উজান। মাংস বেপাৰী সকলৰো পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাই। কোনোবাই ঘৰতে এসাঁজ খাবলৈ বজাৰ কৰিছে, কোনোবাই আকৌ বনভোজৰ বাবে হাঁহে-মাহে কিনিবলৈ আহিছে। এয়াই ৩১ ডিচেম্বৰৰ মাদকতা। বছৰটোৰ শেষৰ দিনটো উলাহেৰে উদযাপন কৰি এটা নতুন বছৰক আদৰিবলৈ ব্যাপক প্ৰস্তুতি।


 

Category