বজাৰ উভৈনদী হৈ পৰিছে মাছ-মাংসৰে। ২০২৫ চনক বিদায় দি ২০২৬ক আদৰিবলৈ সাজু হৈছে সকলো

jorhat news

পুৰণি বিদায় জনাই নতুনক আদৰিবলৈ সাজু বিশ্ববাসী।সমান্তৰালকৈ নতুন বছৰৰ উদযাপনৰ বাবে এতিয়া ঢাপলি মেলিছে সকলো।সাজু হৈছে যোৰহাটবাসী।পুৱাৰে পৰা প্ৰচণ্ড শীতে আবৰি ৰাখিছে যোৰহাট চহৰক। শীতৰ  মাজতো বছৰৰ শেষৰটো দিন উদযাপনৰ বাবে বজাৰলৈ ওলাই আহিছে যোৰহটবাসী ৰাইজ।

যোৰহাটৰ মৎস্য বজাৰত সৰু বৰ অসংখ্য মাছৰ উজান। মাংস বেপাৰী সকলৰো পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাই। কোনোবাই ঘৰতে এসাঁজ খাবলৈ বজাৰ কৰিছে, কোনোবাই আকৌ বনভোজৰ বাবে হাঁহে-মাহে কিনিবলৈ আহিছে। এয়াই ৩১ ডিচেম্বৰৰ মাদকতা। বছৰটোৰ শেষৰ দিনটো উলাহেৰে উদযাপন কৰি এটা নতুন বছৰক আদৰিবলৈ ব্যাপক প্ৰস্তুতি।

যোৰহাটৰ মৎস্য বজাৰত সৰু বৰ অসংখ্য মাছৰ উজান উঠিছে। মাংস বেপাৰী সকলৰো পুৱাৰে পৰা ব্যস্ততাৰ অন্ত নাই। কোনোবাই ঘৰতে এসাঁজ খাবলৈ বজাৰ কৰিছে, কোনোবাই আকৌ বনভোজৰ বাবে হাঁহে-মাহে কিনিবলৈ আহিছে। এয়াই ৩১ ডিচেম্বৰৰ মাদকতা। বছৰটোৰ শেষৰ দিনটো উলাহেৰে উদযাপন কৰি এটা নতুন বছৰক আদৰিবলৈ জনসাধাৰণৰ কিমানযে প্ৰস্তুতি।

Category