পুৰণি বিদায় জনাই নতুনক আদৰিবলৈ সাজু বিশ্ববাসী।সমান্তৰালকৈ নতুন বছৰৰ উদযাপনৰ বাবে এতিয়া ঢাপলি মেলিছে বহুতে বনভোজ স্থলীলৈ। ব্যাপক উছাহ উদ্দীপনাৰে আনন্দ স্ফূটিৰে ৰাজ্যৰ বনভোজস্থলী এতিয়া উখল মাখল পৰিৱেশ। গীতৰ তালে তালে নৃত্যৰ বহু ৰূপী ভংগীমাত হৈ পৰিছে আপোন পাহৰা । নৈসগিক পৰিৱেশ নান্দনিক পৰিৱেশ উপভোগ কৰিছে ।নিজৰ আপোন জনৰ লগত আনন্দ স্ফূটিৰে অতিবাহীত কৰিব নৱবৰ্ষৰ পহিলা দিনটো । আন একাংশই আকৌ নতুন বছৰটো ভালে কুশলে অতিক্ৰম কৰিবলৈ উপস্থিত হ’ব তীৰ্থ স্থান সমূহত ।
এক আধ্যাত্মিকতাৰ ভাৱ ধাৰাৰে মগন হৈ পৰিছে ঈশ্বৰৰ শ্ৰী চৰণত ।এটাই কামনা মনে বিচৰা ধৰণে প্ৰাপ্তিৰ আশা ।
মুঠৰ ওপৰত প্ৰতিজনেই এতিয়া আপোন পাহৰা হৈ স্বাগতম জনাবলৈ সাজু ইংৰাজী নৱবৰ্ষক ।
কিন্তু বনভোজলৈ যোৱাৰ পূৰ্বে জানি লওক সকলো নীতি-নিময়। বনভোজক লৈ আৰক্ষীয়ে জাৰি কৰিছে SOP।
বনভোজক লৈ আৰক্ষীৰ নিৰ্দেশনা নামানিলে কঠোৰ হ’ব আৰক্ষী। সুৰাপান কৰি চলাব নোৱাৰিব বাহন আনহাতে দ্ৰুতবেগত চলাব নোৱাৰ বাহন। দ্ৰুত বেগী বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী। সুৰাপায়ী চালকৰ বিৰুদ্ধেও আৰক্ষীয়ে ল’ব কঠোৰ ব্যৱস্থা। সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব শূন্য সহনশীল নীতি।
বনভোজলৈ নিয়া বাহনসমূহৰ থাকিব লাগিব বৈধ নথি-পত্ৰ। লগতে বাহনসমূহত থাকিব লাগিব নিৰাপত্তাৰ সু-ব্যৱস্থা। প্ৰতিখন বনভোজথলীত থাকিব লাগিব পৰ্যাপ্ত পাৰ্কিঙৰ সুবিধা।
দুচকীয়া বাহনৰ চালকে পৰিধান কৰিব লাগিব হেলমেট। চাৰিচকীয়া বাহনৰ আৰোহীয়ে মাৰিব লাগিব ছীটবেল্ট। বনভোজলৈ যোৱা কোনো বাহনত অত্যধিক লোকক কঢ়িয়াই নিব নোৱাৰিব। আনফালে সূৰ্যাস্তৰ আগতেই সামৰিব লাগিব বনভোজ, অৰ্থাৎ সূৰ্যাস্ত হোৱাৰ পূৰ্বে বনভোজকাৰীয়ে ত্যাগ কৰিব লাগিব বনভোজথলী।
প্ৰতিখন বনভোজস্থলীত ব্যৱস্থা কৰিব লাগিব পৰ্যাপ্ত পোহৰৰ। বনভোজলৈ যোৱা লোকৰ মাজত প্ৰচাৰ কৰিব লাগিব হেল্পলাইন নম্বৰ। আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে হেল্পলাইন নম্বৰ ১১২ আৰু চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ ১০৮।
কেৱল ইমানেই নহয়, বনভোজথলীৰ আশে পাশে সুৰা বিক্ৰীত নিষেধাজ্ঞা। বনভোজথলী দাতিকাষৰীয়া ধাবা আৰু ব্যৱসায় প্ৰতিষ্ঠানত যাতে কোনোপধ্যে সুৰা বিক্ৰী কৰিব নোৱাৰে, তাৰ বাবে চলাব লাগিব অভিযান।
ইয়াৰ লগতে প্ৰতিকূল বতৰত নিষিদ্ধ বনভোজ যাত্ৰা। ইয়াৰ লগতে বনভোজস্থলীত ভিডিপিৰ গোট নিয়োগ কৰিব লাগিব স্থানীয় আৰক্ষীয়ে।
- Log in to post comments