
উত্তৰ কোৰিয়াৰ ৰাজধানী পংগয়িয়ান চহৰত অহা ২২ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈ হ'বলগীয়া আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ অৰূপ মান্নাৰ পৰিচালিত অসমীয়া কথাছবি 'সমর্পন' "Surender" প্ৰদৰ্শনৰ বাবে আমন্ত্রিত হৈছে। ইতিমধ্যে 'সমর্পন' ছবিখন কলকাতা চলচ্চিত্র মহোৎসৱত প্রিমিয়াৰ হোৱৰ পাছত বাঙ্গালুৰু, কেৰেলা, মণিপুৰ আদি চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈ ছবিখনে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ এক সত্য ঘটনাৰ আধাৰত 'কুশন্তি' নামৰ চুটি গল্পৰ পৰা লোৱা কাহিনীটোক 'সমর্পন' নাম দি চিত্রনাট্য ৰচনা কৰে ছবিখনৰ পৰিচালক অৰূপ মান্না। এজনী অকলশৰীয়া বিধৱাৰ জীৱন কাহিনী লৈ ছবিখন নির্মিত হৈছে। ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছে নৱাগত অভিনেত্রী শিখা হাজৰিকাই। অশোক সিং ছবিখনৰ মূখ্য অভিনেতা। এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে সপোনটি বৰদলৈ। লগতে প্রাণজিৎ গোস্বামী, নৱমিকা বৰঠাকুৰ, মুকুল বৰঠাকুৰকে আদি কৰি নগাঁৱৰ বহুকেইগৰাকী অভিনেতা-অভিনেত্রীয়ে ছবিখনত অভিনয় কৰিছে।
ত্রিনয়ন মিডিয়া ফাউন্ডেচনৰ বেনাৰত ছবিখন প্রযোজনা কৰিছে আইদেউ, অধ্যায়, অনন্যা, আমৃত্যু আদি ছবিৰ প্রযোজক নৱমিকা বৰঠাকুৰ। সম্পাদনা কুলদীপ বৰুৱাৰ। সঙ্গীত নূপূৰৰ। প্রযোজকে জানিব দিয়া মতে 'সমর্পন' এই বছৰতে ছবিগৃহত মুক্তি লাভ কৰিব।
- Log in to post comments