
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠক গুলীয়াই হত্যা৷ দুৰ্বৃত্তই নাতিদূৰত্বৰ পৰা গুলীয়াই হত্যা চাৰ্লি কাৰ্কক৷
বুধবাৰে য়ুটা ভেলী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে বন্ধু চাৰ্লি কাৰ্ক(৩১) ক গুলীয়াই হত্যা কৰা হয়৷ সামাজিক মাধ্যমত এই কথা নিশ্চিত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ।
ঘটনা সন্দৰ্ভত সংবাদ সংস্থা এ পিয়ে এই বিষয়ে জনোৱা অনুসৰি, চাৰ্লি কাৰ্ক গুলীবিদ্ধ হোৱাৰ পিছত অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।
বন্ধুৰ মৃত্যু পিছতে ট্ৰাম্পে কয় যে কাৰ্কক সকলোৱে ভালপায় আৰু প্ৰশংসা কৰে । কাৰ্ক ট্ৰাম্পৰ অতি ঘনিষ্ঠ আছিল বুলি সকলোৰে পৰিচিত । কাৰ্কৰ হত্যাৰ পিছত তেওঁৰ সন্মানাৰ্থে দেশজুৰি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমৰ প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত লিখিছে, ‘‘মহান আৰু শ্ৰেষ্ঠ চাৰ্লি কাৰ্কৰ মৃত্যু হৈছে । আমেৰিকাৰ যুৱক-যুৱতীসকলৰ হৃদয় চাৰ্লিতকৈ ভালকৈ কোনেও বুজি পোৱা নাছিল । সকলোৱে তেওঁক ভাল পাইছিল আৰু প্ৰশংসা কৰিছিল ৷ বিশেষকৈ মোক আৰু এতিয়া তেওঁ আমাৰ লগত নাই । মেলানিয়া আৰু মই তেওঁৰ পত্নী এৰিকা আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । চাৰ্লি, আমি তোমাক ভালপাওঁ ।’’
লগতে হোৱাইট হাউছে সামাজিক মাধ্যম এক্সত পোষ্ট কৰি লিখে, ‘‘চাৰ্লি কাৰ্কৰ সন্মানত ৰাষ্ট্ৰপতি ট্ৰাম্পে সমগ্ৰ আমেৰিকাত দেশখনৰ সকলো পতাকা অৰ্ধনমিত কৰিবলৈ নিৰ্দেশ দিছে ৷’’
- Log in to post comments