
গৰাকীবিহীন কুকুৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত। আশ্ৰয় শিবিৰত বন্দী কুকুৰক মুকুলি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। সকলো ৰাজ্যলৈ এই নিৰ্দেশনা জাৰি ন্যায়ালয়ৰ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়লৈ জাৰি কৰে নিৰ্দেশ।
ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু এন ভি অঞ্জৰিয়াক লৈ গঠিত তিনিজনীয়া বিশেষ বিচাৰপীঠে আজি ১১ আগষ্টৰ নিৰ্দেশ সংশোধন কৰি উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰে। লগতে বিচাৰপীঠে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰে। কেৱল অসুস্থ আৰু আক্ৰমণাত্মক কুকুৰক আশ্ৰয় গৃহত ৰখা হ’ব।
লক্ষ্যণীয় যে, ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই ৰায় দি শুনানিত উল্লেখ কৰে যে,ৰাজহুৱা স্থানত অঘৰী কুকুৰক খুৱাব নোৱাৰিব খাদ্য। তেওঁলোকক খাদ্য যোগানৰ বাবে প্ৰতিটো ব্লকত পৃথক পৃথক স্থান মুকলি কৰি দিয়া হ’ব, যাতে নিৰ্দিষ্ট স্থানতহে কুকুৰক খাদ্য দিয়া হয়।
- Log in to post comments