
পুৱা ১০ বজাত দিল্লীত উপস্থিত উপ ৰাষ্ট্ৰপতি জে ডি ভান্স
বিশেষ বিমানেৰে পালাম বিমানবন্দৰত উপস্থিত যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি
জে ডি ভান্সৰ সৈতে আহিছে পত্নী ভাৰতীয় বংশোদ্ভূত উষা ভান্স, ৩ সন্তান
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ কথা ভান্সে
উপ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পাছত এয়াই ভান্সৰ প্ৰথম ভাৰত ভ্ৰমণ
বিমানবন্দৰত ভান্সক আদৰণি জনায় কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে
বিমানবন্দৰতে জে ডি ভান্সক দিয়া হয় গাৰ্ড অৱ অনাৰো
প্ৰট’কল অনুসৰি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে জনাব লাগে আদৰণি। কিন্তু বিমানবন্দৰত ধনখড়ৰ পৰিৱৰ্তে আদৰণি জনায় অশ্বিনী বৈষ্ণৱেহে। আনকি ভান্সৰ সন্মানত ধনখড়ে কৰা নাই নৈশ ভোজৰো আয়োজন। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়েহে ভান্সক আমন্ত্ৰণ জনাইছে নৈশ ভোজলৈ। আজি সপৰিয়ালে স্বামী নাৰায়ণ অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰাৰ কথা ভান্সে। তাৰোপৰি হস্তশিল্পৰ এটা শ্বপিং মললৈও যোৱাৰ কথা আছে উপ ৰাষ্ট্ৰপতি ভান্স। দিল্লীৰ লগতে ভান্স যাব আগ্ৰা আৰু জয়পুৰলৈও।
- Log in to post comments