কালিকা লগা বুধবাৰ চাউল এমুঠি আনিবলৈ গৈ মৃত্যুক সাৱটিলে ৰাজা আৰু মৃদুলে

lala

মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা

২৭নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুদূতৰূপত ডাম্পাৰ

তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে স্কুটী আৰোহীক

দুৰ্ঘটনাত থিতাতে নিহত দুই স্কুটী আৰোহী

নিহত ধুবুৰীৰ ৰাজা ৰয়, ৰুক্মিণীগাঁৱৰ মৃদুল ডেকা

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি

উত্তেজিত ৰাইজে বন্ধ কৰি দিলে ৰাষ্ট্ৰীয় ঘাইপথ

আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ

কেনেকৈ সংঘটিত হৈছিল কিলাৰ হাইৱেত সেই ভয়ংকৰ দুৰ্ঘটনা

খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে আহি আছিল মৃত্যুদূতৰূপী ডাম্পাৰখন সেই একেই দিশৰ পৰাই স্কুটীত আহি আছিল মৃদুল ডেকা আৰু ৰাজা ৰয় কিন্তু কিলাৰ হাইৱেলৈ পৰিণত হোৱা ৬লেনযুক্ত ৰাজপথত কোনেও ভবা নাছিল যে মুহূৰ্ততে সকলো চূৰ্ণ বিচূৰ্ণ হৈ যাব গুৰু গোঁসাই নমনা ডাম্পাৰচালকে মহটিয়াই নিলে দুই স্কুটী আৰোহীক ইমানেই নহয়, এখন দুখনকৈ চাৰিখনকৈ বাহন মহটিয়াই নিলে দ্ৰুতগতিত অহা ডাম্পাৰখনে এই চাৰিখন বাহনৰ ভিতৰত এখন বাহন আছিল ASSAM TRADE PROMOTION ORGANISATIONৰ ভাইচ চেয়াৰমেনৰ সেই বাহনখনৰ উপৰিও এখন ছুইফট ডিজায়াৰ আৰু স্কুটীকো মহটিয়াই নিলে কিলাৰ হাইৱেত মৃত্যুদূতৰূপত আহি থকা ডাম্পাৰখনে এই শিহৰণকাৰী দুৰ্ঘটনাৰ আঁৰৰ বহু কাহিনী পোহৰলৈ আহিছে বৃহস্পতিবাৰে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে ৰাজপথত ছিটিকি পৰিছিল ধুবুৰীৰ ৰাজা আৰু ৰুক্মিণীগাঁৱৰ মৃদুলৰ শৰীৰ ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল দুয়োৰে দেহ ৰুক্মিণীগাঁৱৰ মৃদুল ডেকাই ৰেচনৰ চাউল আনিবৰ বাবে লৈ গৈছিল ৰাজাক স্কুটীৰ সন্মুখভাগত ৰেচনৰ চাউল লৈ ৰাজাক পিছফালে উঠাই আহি আছিল দুয়ো ধুবুৰীৰ মৃত ৰাজা ৰয়ৰ আছে দুটিকৈ কণমানি

কিলাৰ হাইৱেত বুধবাৰে সন্ধিয়া মৃত্যুদূতৰূপত অহা এই ডাম্পাৰখনৰ গৰাকী কোন? খোদ যমদূতৰ ৰূপত কোন আছিল ডাম্পাৰৰ চালক আৰক্ষীয়ে তথ্য প্ৰকাশ কৰা অনুসৰি ডাম্পাৰখনৰ চালকজন আছিল বকোৰ ৰাজু বড়ো বুধবাৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই দুৰ্ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি

Category