
১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ’ব. এল পি জি, চি এন জি, এ টি এফৰ দাম সলনি হ’ব। নতুন কৰ আঁচনি, পেঞ্চন আঁচনি, ইউ পি আই একাউণ্ট বন্ধ, ক্ৰেডিট কাৰ্ডৰ নিয়ম হ’ব সলনি।
নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগ-লগে বহুতো নতুন নিয়ম কাৰ্যকৰী হ’ব। প্ৰতি মাহৰ শেষৰ দৰে এইবাৰো দেশত অত্যধিক বৃহৎ পৰিৱৰ্তন হ’বলৈ গৈ আছে। এই পৰিৱৰ্তনে এল পি জি চিলিণ্ডাৰৰ মূল্যৰ পৰিৱৰ্তন, বেংক একাউণ্টৰ লেনদেনৰ পৰিৱৰ্তন আৰু ক্ৰেডিট কাৰ্ডৰ চাৰ্জৰ পৰিৱৰ্তনকে ধৰি দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব।
LPGৰ দামৰ পৰিৱৰ্তন- তেল আৰু গেছ বিতৰণ কোম্পানীয়ে প্ৰতি মাহৰ প্ৰথম দিনাই এল পি জি চিলিণ্ডাৰৰ মূল্য সলনি কৰে। ২০২৫ চনৰ ১ এপ্ৰিলতো মূল্য সলনি হ’ব পাৰে। শেহতীয়া সময়ত ১৯ কেজি চিলিণ্ডাৰৰ মূল্যৰ সলনি দেখা গৈছিল। নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে ১৪ কেজি চিলিণ্ডাৰৰ মূল্যত সকাহ পাব পাৰে দেশবাসীয়ে।
CNG আৰু ATFৰ মূল্য- এল পি জি চিলিণ্ডাৰৰ দামৰ লগতে প্ৰতি মাহৰ প্ৰথম দিনাই CNG আৰু ATFৰ মূল্যও সলনি হ’ব পাৰে। ইয়াৰ উপৰিও ২০২৫ চনৰ ১ এপ্ৰিলত এয়াৰ টাৰ্বাইন ইন্ধনৰ (এ টি এফ) মূল্যৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনাও আছে। চি এন জিৰ মূল্যৰ তাৰাতম্য হ’লে বাহনখন চলোৱাৰ খৰচত প্ৰভাৱ পেলাব পাৰে।
বন্ধ হ’ব UPI একাউণ্ট- দেশৰ UPI সৈতে জড়িত এক নতুন নিয়ম। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। দীৰ্ঘদিনে ব্যৱহাৰ নকৰা ম’বাইল নম্বৰৰ সৈতে সংযুক্ত UPI একাউণ্টবোৰ বেংকে নিজৰ ৰেকৰ্ডৰ পৰা আঁতৰাই দিব। যদি আপোনাৰ ম’বাইল নম্বৰ কোনো ইউপিআই এপৰ সৈতে লিংক হৈ আছে আৰু আপুনি ইয়াক বহুদিন
ব্যৱহাৰ কৰা নাই, তেন্তে আপোনাৰ ইউপিআই সেৱা বন্ধ হ’ব পাৰে।
ইউনিফাইড পেঞ্চন আঁচনিৰ শুভাৰম্ভ- ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ইউনিফাইড পেঞ্চন আঁচনি আৰম্ভ হ’ব। এই আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ১ এপ্ৰিলৰ পৰা এই আঁচনিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। যদি কোনো কৰ্মচাৰীয়ে ইউ পি এছৰ
অধীনত পেঞ্চন লাভ কৰিব বিচাৰে, তেন্তে তেওঁ ফৰ্ম পূৰণ কৰি আবেদন কৰিব লাগিব আৰু যদি কোনোবাই ইউ পি এছ বাছি ল’ব নিবিচাৰে তেন্তে তেওঁ এন পি এছ (ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি) বাছি ল’ব পাৰিব।
টিডিএছৰ নিয়মৰ পৰিৱৰ্তন- ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা TDSৰ নিয়মত পৰিৱৰ্তন হ’ব। যেনে অপ্ৰয়োজনীয় কৰ কৰ্তন হ্ৰাস কৰাৰ লগতে কৰদাতাৰ নগদ কেছ ফ্ল’ৰ সংশোধন বাবে সীমা বৃদ্ধি কৰা হৈছে। বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে সুতৰ আয়ৰ টিডিএছৰ সীমা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু ভাড়াৰ আয়ৰ ৰেহাইৰ সীমা বছৰি ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।
ক্ৰেডিট কাৰ্ডৰ নিয়ম সলনি-ৰিৱৰ্ড আৰু অন্যান্য সুবিধাৰ পৰিৱৰ্তন হ’ব। SBI Simply CLICK কাৰ্ডত Swiggy Rewards ৫ গুণৰ পৰা আধালৈ হ্ৰাস কৰা হ’ব। Air India Signature card points ৩০ ৰ পৰা ১০ লৈ হ্ৰাস কৰা হ’ব
। IDFC First Bank য়ে ক্লাব Vistara Milestone বেনিফিট বন্ধ কৰিব।
নতুন কৰ আঁচনি ৰূপায়ণ- ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন কৰ নিয়ম। মধ্যবিত্ত শ্ৰেণীক সকাহ দিবলৈ চৰকাৰে ২০২৫ চনৰ বাজেটত বহু ডাঙৰ পৰিৱৰ্তন কৰিছিল। এতিয়াৰে পৰা ১২ লাখ টকালৈকে বাৰ্ষিক আয়ৰ ওপৰত কোনো কৰ নাথাকিব, দৰমহা পোৱা কৰ্মচাৰীয়ে ৭৫ হাজাৰ টকাৰ ষ্টেডাৰ্ড কৰ্তনৰ সুবিধা
লাভ কৰিব পাৰিব। অৰ্থাৎ ১২.৭৫ লাখ টকা পৰ্যন্ত দৰমহাৰ আয় কৰমুক্ত হ’ব।
নূন্যতম বেলেঞ্চৰ নিয়ম সলনি- ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা SBI, PNB আদি বেংকে চেভিংছ একাউণ্টৰ নূন্যতম বেলেঞ্চৰ সৈতে জড়িত নিয়ম সলনি কৰিব। নতুন নিয়মৰ অধীনত বিভিন্ন খণ্ডৰ বাবে নতুন নূন্যতম বেলেঞ্চ সীমা নিৰ্ধাৰণ কৰা হ’ব। যদি কোনো একাউণ্টত নিৰ্ধাৰিত নূন্যতম বেলেঞ্চ নাথাকে তেন্তে বেংকে জৰিমনা বিহিব পাৰে। গতিকে একাউণ্টধাৰীয়ে নিজৰ বেংকৰ নতুন নিয়ম বুজিব লাগিব আৰু প্ৰয়োজনীয় বেলেঞ্চ বজাই ৰাখিব লাগিব।
ডেবিট কাৰ্ডৰ বাবে নতুন নিয়ম- ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা ৰুপে ডেবিট চিলেক্ট কাৰ্ডত নতুন সুবিধা সংযোজন কৰা হ’ব। ইয়াৰ ভিতৰত ফিটনেছ, ভ্ৰমণ, মনোৰঞ্জন আৰু স্বাস্থ্যৰ সৈতে জড়িত সুবিধাসমূহো অন্তৰ্ভুক্ত। নতুন আপডেটৰ অধীনত ঘৰুৱা বিমানবন্দৰৰ লাউঞ্জত প্ৰতি ত্ৰিমাসিকত এবাৰ বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব, বছৰত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লাউঞ্জ ভ্ৰমণৰ সুবিধা উপলব্ধ হ’ব, দুৰ্ঘটনাৰ ফলত মৃত্যু বা স্থায়ীভাৱে অক্ষম হ’লে ১০ লাখ টকা পৰ্যন্ত বীমা ক’ভাৰ উপলব্ধ হ’ব আৰু প্ৰতিটো ত্ৰিমাসিকত এবাৰকৈ জিমৰ সদস্যপদ বিনামূলীয়াকৈ উপলব্ধ হ’ব। কাৰ্ডধাৰীসকলক অধিক সুবিধা প্ৰদানৰ বাবে এই পৰিৱৰ্তন কৰা হৈছে।
ATMৰ নিয়ম সলনি- ১ মে’ৰ পৰা ATMৰ পৰা টকা উলিয়ালে ভৰিব লাগিব অতিৰিক্ত ২ টকা। এই ঘোষণা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।বিনামূলীয়া মাহিলী সীমাৰ বাহিৰত ATMৰ পৰা টকা উলিওৱাৰ মাচুল ২ টকা বৃদ্ধি কৰা হ’ব। অৰ্থাৎ বিনামূলীয়া সীমা অতিক্ৰম কৰা প্ৰতিটো লেনদেনৰ বাবে গ্ৰাহকে ১ এপ্ৰিলৰ পৰা ২৩ টকা পৰ্যন্ত ছাৰ্জ ভৰিব
লাগিব। পূৰ্বে প্ৰতিটো লেনদেনত ২১ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছিল।
বিদ্যুতৰ বিল হ্ৰাস- ১ এপ্ৰিলৰ পৰা অসমত প্ৰতি ইউনিট বিদ্যুতৰ বিলত ১ টকাকৈ হ্ৰাস পাব। ঘৰুৱা ব্যৱহাৰত হ্ৰাস পাব ১ টকাকৈ, আনহাতে ব্যৱসায়িক ব্যৱহাৰৰ ক্ষেত্ৰত ২৫ পইচাকৈ প্ৰতি ইউনিটত হ্ৰাস পাব বিদ্যুতৰ বিল।
মৎস চিকাৰত নিষেধাজ্ঞা- ১ এপ্ৰিলৰ পৰা ৰাজ্যত মৎস চিকাৰত বাধা। ১৫ জুলাইলৈ মৎস্য চিকাৰ নকৰিবলৈ আহ্ৱান জনাইছে মুখ্যমন্ত্ৰীয়ে। নদী, বিল, পুখুৰীত মাছ নামাৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
- Log in to post comments