
অৰুণাচল প্ৰদেশক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা। কেৱল ৰাজ্য হিচাপে ঘোষণা কৰাই নহয় অৰুণাচলৰ হাজাৰ হাজাৰ অৰুণাচলীয়েও গ্ৰহণ কৰিলে খ্ৰীষ্টান ধৰ্মৰ। অৰুণাচলৰ খ্ৰীষ্টান ফ’ৰামে নিজাববীয়াকৈ অৰুণাচলক খ্ৰীষ্টান ৰাজ্য হিচাপে ঘোষণা কৰিলে।
উল্লেখ্য যে, Arunachal Pradesh Freedom of Religion Act, 1978ৰ পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে PILৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগৰ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ দিছিল। এই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পায়।
অৰুণাচল প্ৰদেশ ধৰ্মৰ স্বাধীনতা আইন ১৯৭৮ক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজ্যখনৰ বিভিন্ন স্থানত খ্ৰীষ্টধৰ্মী লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৰুণাচল প্ৰদেশত বাস কৰা সকলো শ্ৰেণীৰ লোকে নিজৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতাৰ সন্মুখীন নহ’বলৈ এই আইনখন প্ৰণয়ন কৰা হৈছিল।
অৰুণাচল প্ৰদেশত আছে ৩০.৩ শতাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক, ২৯.০ শতাংশ হিন্দু ধৰ্ম, অন্যান্য (অধিকসংখ্যক ডনি-পল’) ২৬.২ শতাংশ, বৌদ্ধ ধৰ্মীয় ১১.৮ শতাংশ, ইছলাম ধৰ্মীয় ১.৯ শতাংশ, শিখ ধৰ্মীয় ০.২ শতাংশ আৰু জৈন ধৰ্মৰ ০.০৫ শতাংশ লোক।
- Log in to post comments