হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অথন্তৰ, প্ৰশ্নকাকতৰ বাবে অপেক্ষা কৰি বিমোৰত শিক্ষাৰ্থী...

hslc

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই অথন্তৰ
পৰীক্ষাকেন্দ্ৰত সময়মতে আহি নাপালে প্ৰশ্নকাকত
গোৰেশ্বৰত এটা পৰীক্ষাকেন্দ্ৰত এই অথন্তৰ
প্ৰশ্নকাকতৰ বাবে অপেক্ষা কৰি বিমোৰত শিক্ষাৰ্থী
ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

প্ৰধান শিক্ষকৰ গাফিলতিৰ অভিযোগ ৰাইজৰ
কামৰূপ গ্ৰাম্য গাছবাৰী উঃ মাঃ বিদ্যালয়ত এই ঘটনা
৯-৩০বজালৈ পৰীক্ষা অনুষ্ঠিত নোহোৱাত ক্ষোভিত অভিভাৱক
পৰীক্ষাকেন্দ্ৰটোত আছে ২৭১ গৰাকী পৰীক্ষাৰ্থী

আধাঘণ্টা পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্ন কাকত লৈ অহাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। একাংশ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান শিক্ষকজনক। পৰৱৰ্তী সময়ত পৰীক্ষা অনুষ্ঠিত হয় যদিও অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময় বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে।

অৱশ্যে এই মুহুৰ্তলৈ পৰীক্ষাৰ সময় বৃদ্ধি কৰা হ’ব নে নহয় তাৰ কোনো নিৰ্দেশনা দিয়া নাই পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা লোকসকলে।
 

Category